নৈঃশব্দৰ বুকুফালি গজি উঠা   এটি সপোন বুকুত লৈ – এয়া গৈ আছো মই,   এটা নতুন দিশত ... এগছি বন্তিৰ সন্ধানত।     ক্ৰমশঃ চুটি হই অহা - মোৰ পথটোৰ পথিক   কেবল মই আৰু শূণ্য বাস্তৱ।   ইটো ষ্টপেজৰ পৰা ঢপলিয়াই গৈছো সিটোলৈ ...   সিটোৰ পৰা আন এটালৈ ........   এক অবিৰত যাত্ৰা।     শূণ্যৰ পৰা আৰম্ভ হোৱা জীৱনটোৱে   মোৰ সলালে কেইবাবাৰো   হুমুনিয়াহ কাঢ়িবলৈও শিকিলে   গভীৰ বেদনাত সি কান্দে উচুপি উচুপি।     সপোনটোৱে বুকুতে শিপাইছে দকৈ   সুদুৰত এদছি বন্তিৰ ছকামকা আবেশ   দুনয়ন তাতে থই এয়া শূণ্য বাস্তৱৰ সতে –   --- এন্ধাৰ ফালি গই আছো মই।   মোৰ পিছত বিগত যৌৱনা জীৱনৰ   নৃশংস কংকাল।   সুহৃদ পাঠক! আই আৰু পিতায়ে জ্বলোৱা মোৰ আশাৰ বন্তিগছিত আপোনালোকেও দিয়কছোন এটুপি তেল শলিতা হৈ মই নিজে আছো ৰৈ। আশাৰ বন্তিগছি জ্বলায়েই যাব লাগিব আৰু বহুদুৰ.... আৰু বহু ষ্টপেজ..... প্ৰতিটো ষ্টপেজ পাৰ হবলৈ ৰব লাগিব কমেও চাৰি, ছয়, দুই অথবা তিনি বছৰ আপোনালোকেও কৰকছোন অংকটো – চাৰি + ছয় + দুই + তিনি + ... + অসীমলৈ .... দকৈ শিপাৱো সপোনটো বুকুত লৈ এয়া গৈ আছো মই জীৱন মৰুত মৰুদ্যান বিছাৰি.....।      বিঃদ্ৰঃ যদিও কবিতা বুলিছোঁ, তথা...