Skip to main content

Posts

Showing posts with the label Unicode

Bilingual Offline xobdo dictionary (Assamese-English)

অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান "শব্দ" (www.xobdo.org) উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহৰ একমাত্ৰ সতাঁৰ অভিধান। "শব্দ"ৰ পৰা তথ্য লৈ এই "অসমীয়া-ইংৰাজী দ্বিভাষিক বিছিন্নতাঁৰ শব্দ অভিধান" খন সজোৱা হৈছে। "ৰাইজ" এই অভিধানখনৰ মূল চালিকাশক্তি। আজিৰ তাৰিখলৈ (৫-চেপ্তেম্বৰ-২০১২) এইখনেই একমাত্ৰ নিঃশুল্ক অসমীয়া-ইংৰাজী দ্বিভাষিক অভিধান।  ডাউনলোড (Download) বিছিন্নতাঁৰ শব্দ অভিধান কেনেকৈ সংস্থাপন কৰিব আপোনাৰ কম্পিউটাৰত- ১. প্ৰথমতে "Lohit Assamese" নামৰ ফন্টটো আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ ডাউনলোড "Lohit Assamese" ফন্ট ] ২. এই লিংকত থকা ফাইলটো ডাউনলোড কৰক আৰু আপোনাৰ কম্পিউটাৰত সংস্থাপন কৰক। [ ডাউনলোড ] ৩. এতিয়া এই ফাইলটোত একেৰাহে দুবাৰ ক্লিক কৰক আৰু পৰ্দাত অহা বিধানবোৰ অনুসৰণ কৰক। বিছিন্নতাঁৰ শব্দ অভিধানৰ সুবিধাসমূহ ১. ইংৰাজী বা অসমীয়া দুয়োটা ভাষাতেই শব্দৰ অৰ্থ বিচাৰিব পৰা ব্যৱস্থা। ২. আগৰ বা পিছৰ শব্দটো পুনৰ চাব পৰা ব্যৱস্থা। ৩. সমাৰ্থক শব্দত (Synonym) ক্লিক কৰি অৰ্থ বিচাৰিব পৰা ব্যৱস্থা।

How to write Unicode Assamese (Indian language) text using Latex

TeX হৈছে টাইপছেটিং ছফ্টৱেৰ। ডোনাল্ড নুথে কম্পিউটাৰ বিজ্ঞানৰ চাৰিখন কালজয়ী কিতাপ(দ্যা আৰ্ট অৱ কম্পিউটাৰ প্ৰগ্ৰেমিং, খণ্ড ১,২,৩,৪) লিখিবৰ বাবে এই কম্পিউটাৰ টাইপছেটিং ছফ্টৱেৰটো সাজি উলিয়াইছিল ১৯৭৮চনত। TeX শব্দটো তেওঁলোকে উচ্ছাৰণ কৰে 'টেক' হিচাবে (Techical শব্দটো উচ্ছাৰণ কৰা ধৰণে)। Metafont আৰু Typefaceৰ সহায় লৈ তৈয়াৰ কৰা এই ছফ্টৱেৰটোৰ প্ৰধান উদ্দেশ্য আছিল কম কষ্টত ধুনীয়া কিতাপ লিখা। TeXৰ উত্তৰসূৰী হিচাবে LaTeX, XeTeX, TeTeX, LuaTex ইত্যাদি বহুতো ছফ্টৱেৰ তৈয়াৰ হয়। এই আটাইবোৰ TeXৰ উত্তৰসূৰী বা TeX কৰমুক্ত ছফ্টৱেৰ। এই প্ৰৱন্ধটোত Xetex ব্যৱহাৰ কৰি কেনেকৈ লিখিব পাৰি, তাৰ উদাহৰণ দিয়া হব। (আপুনি Latex ব্যৱহাৰকাৰী বুলি ধৰি লোৱা হব ) XeTeX ব্যৱহাৰ কৰিবৰ বাবে কি কি Package লাগিব?   (Linux ব্যৱহাৰকাৰীৰ বাবে) TeX সম্পাদনা কৰিব পৰা সজুলি, যেনে - LyX  (ঐচ্ছিক)। একো ন'হলে আপুনি vim বা আন Text Editor  যেনে - gEdit, kWrite আদিও ব্যৱহাৰ কৰিব পাৰে।  PDF, dvi আদি  ফাইল চাব পৰা সঁজুলি, যেনে - evince, xPDF ইত্যাদি। tex ফাইলটোত কি কি নতুন অংশ যোগ কৰিব? \usepackage{fontspec} \font\as=&q

How to design an online Assamese Keyboard (Basic version)

অনলাইন অসমীয়া ছাবিফলি (খণ্ড - ১) আপোনাৰ নিজৰ জলস্থানৰ (ছাইটৰ) বাবে অসমীয়া লিখিব পৰা অনলাইন সঁজুলি সাজিব বিচাৰিছে নেকি? আপুনি আপোনাৰ নামত এখন অনলাইন অসমীয়া ছাবিফলি তৈয়াৰ কৰিব পাৰে, তাৰবাবে আপোনাক লাগিব HTML নামৰ কম্পিউটাৰ ভাষাবিধৰ প্ৰাথমিক জ্ঞান।  আপুনি তলৰ HTML ভাষাত লিখা ক'ডখিনি যিকোনো এটা Text সম্পাদনা কৰিব পৰা সজুলিত (যেনে- notepad, notepad++ , wordpad, gedit , kedit .. ইত্যাদি) প্ৰতিলিপি কৰি লওঁক। এতিয়া নথিখন () আপোনাৰ নামত সাঁচক। নথিখন সাঁচোতে নথিখনৰ extension যাতে .htm বা .html হে হয় সেইটো মন কৰিব, নহলে অকনমান পয়মাল হ`ব। যদি আপোনাৰ নাম 'ৰাম', তেতিয়া নথিখনৰ সম্পূৰ্ণ নামটো হ`ব  'ৰাম.html' বা 'ৰাম.htm'। এতিয়া আপুনি নথিখনত একেৰাহে দুবাৰ টিপি (যাক আমি ইংৰাজীত ডবোল ক্লিক বুলি কওঁ) দিয়ক । আপোনাৰ সাধাৰনতে ব্যৱহৃত ব্ৰাউজাত (যেনে-অ`পেৰা, মঝিলা ফায়াৰফক্স) নথিখন খোল খাব, HTML ক'ডখিনিয়ে সজোঁৱা একেবাৰে প্ৰাথমিক পৰ্যায়ৰ এখন অসমীয়া ছাবিফলি। এতিয়া আপোনাৰ HTMLৰ জ্ঞান ব্যৱহাৰ কৰি এখন সন্দুৰ অসমীয়া লিখিব পৰা ছাবিফলি সঁজাই পেলাওঁক আৰু ছাবিফলি

সংগণক যন্ত্ৰ় আৰু সাংকেতিকীকৰণ পদ্ধতি

সংগণক যন্ত্ৰ়টোৱে আচলতে একো নাজানে। যন্ত্ৰটোক শিকাব লাগে কি কাম কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে ইত্যাদি প্ৰতিটো কথা। এবাৰ শিকাই দিয়াৰ পিচত সংগণক যন্ত্ৰ়ই মানুহতকৈ অধিক ক্ষিপ্ৰতাৰে আৰু মানুহতকৈ অধিক নিয়াৰিকৈ কাম সম্পন্ন কৰিব পাৰে। প্ৰথমতে আমি সংগণক যন্ত্ৰটোক যিটো কাম কৰিবলৈ শিকাম, সেই কামটোৰ প্ৰণালীবদ্ধ সমাধান ছল-সংকেত পদ্ধতিৰ সহায়ত লিখি লওঁ। অধিক জটিল সমস্যা সমাধানৰ বাবে আমি প্ৰায়ে পৰিচলন-চিত্ৰৰ সহায় লওঁ। পৰিচলন-তালিকা বা পৰিচলন-চিত্ৰ বা বোঁৱতী-তালিকা বা বোঁৱতী-চিত্ৰ ছল-সংকেত পদ্ধতিৰ চিত্ৰৰূপ। ছল-সংকেতবোৰ সংগণক যন্ত্ৰক বুজাবৰ বাবে কিছুমান কৃত্ৰিম ভাষাৰ সহায় লোৱা হয়। ক্ৰমাগত ছল-সংকেতবোৰ বৰ্ণনা কৰি সংগণক যন্ত্ৰ়ই (লগতে আমি মানুহেও) বুজিব পৰাকৈ সংগণক ভাষাত (সংগণক যন্ত্ৰ়ৰ ভাষা --> সংগণক ভাষা) লিখা উক্তিৰ সমষ্টিক সংগণক প্ৰ’গ্ৰেম (চুটিকৈ প্ৰ’গ্ৰেম) বোলে। আকৌ এটা বা তাতোকৈ অধিক স্বয়ংসম্পূৰ্ণ সংগণক প্ৰ’গ্ৰেমৰ সমষ্টিক ছফ্টওৱেৰ বুলি কওঁ। সংগণক যন্ত্ৰ়ই বুজিব পৰা এই কৃত্ৰিম ভাষাবোৰক সাধাৰণতে তিনিটা বৰ্গত ভাগ কৰিব পাৰি। ১) উচ্চ বৰ্গ। উদাহৰণ- জাভা, চি, পাৰ্ল, পাইথন ইত্য

Display Assamese Unicode character in a Java program

To display Assamese Unicode character in Java program follow the following steps- 1. check your JRE Home 2. change directory to C:\Program Files\Java\jdk1.6.0_10\jre\lib (according to default java directory) generally within each installed JDK version there is a JRE directory. Go to that directory. another JRE directory is generally in C:\Program Files\JRE.. no need to modify this directory 3. wherever the JRE, go to that, which one is within JDK 4. there you find the following files ../JRE/lib/fontconfig.OS.Version.properties ../JRE/lib/fontconfig.OS.Version.bfc ../JRE/lib/fontconfig.OS.properties ../JRE/lib/fontconfig.OS.bfc ../JRE/lib/fontconfig.Version.properties ../JRE/lib/fontconfig.Version.bfc ../JRE/lib/fontconfig.properties ../JRE/lib/fontconfig.bfc There may be some less number of file, no problem, 3 will get minimum 3 files among the above listed files with extension .src 5. copy fontconfig.properties.src and past it in the same directory 6. rename