Skip to main content

Posts

Showing posts from July, 2011

অসমীয়া ভাষাৰ আটাইতকৈ বেছি ব্যৱহৃত আখৰ (Most Frequent Character of Assamese)

অসমীয়া ভাষাৰ আটাইতকৈ বেছি ব্যৱহৃত আখৰটো বিচাৰোতে মোৰ মনত দুটা প্ৰশ্নৰ উদয় হ'ল। ১) আমি স্বৰচিহ্নবোৰক আখৰ হিচাপে ধৰিমনে? (মন কৰিবলগীয়া - স্বৰবৰ্ণ / স্বৰচিহ্ন) ২) ভাষাৰ ব্যৱহাৰিক দিশ আৰু ভাষাৰ কাৰিকৰী উপস্থাপন (encoding) দুটা পৃথক বিষয়। আমি ব্যৱহাৰিক জীৱনত স্বৰচিহ্নসমুহক পৃথক বৰ্ণ হিচাপে নধৰোঁ (আচলতে একো হিচাপেই নধৰোঁ নেকি?)। তাৰমানে- ক, কি, কা, কী ইত্যাদি একোটা একোটা পৃথক বৰ্ণ। "কাৰ কি খবৰ? কোন কেতিয়া আহিবা।"-বাক্যদুটাত বৰ্ণ সংখ্যা তলত দিয়া ধৰনৰ- আ--১, কা--১, কি--১, কো--১, কে--১, খ--১, তি--১, ৰ--২, ব--১, বা--১, ন--১, য়া--১, হি--১, ?--১,।--১ বাক্যদুটাত 'ক' বৰ্ন নাই কিন্তু 'কা', 'কি', 'কো', 'কে' ইত্যাদি বৰ্ণ একোটাকৈ আছে নে 'ক' বৰ্ণ চাৰিটা আছে? আমি দৈনন্দিন এনেকৈয়ে শব্দ গননা কৰি আহিছোঁ হ'কনে!!! কোনটো শুদ্ধ? মই ভাষাৰ উপস্থাপনৰ (encoding) দিশৰ পৰা চাওঁতে (অৰ্থাত স্বৰচিহ্নসমুহও পৃথক বৰ্ণ ) পোৱা আটাইতকৈ বেছি ব্যৱহৃত আখৰৰ তালিকাখন তলত দিয়া ধৰনৰ- (প্ৰথম ১০টা স্থান প্ৰাপ্ত বৰ্ণ)