Skip to main content

Posts

Showing posts from September, 2011

How to design an online Assamese Keyboard (Basic version)

অনলাইন অসমীয়া ছাবিফলি (খণ্ড - ১) আপোনাৰ নিজৰ জলস্থানৰ (ছাইটৰ) বাবে অসমীয়া লিখিব পৰা অনলাইন সঁজুলি সাজিব বিচাৰিছে নেকি? আপুনি আপোনাৰ নামত এখন অনলাইন অসমীয়া ছাবিফলি তৈয়াৰ কৰিব পাৰে, তাৰবাবে আপোনাক লাগিব HTML নামৰ কম্পিউটাৰ ভাষাবিধৰ প্ৰাথমিক জ্ঞান।  আপুনি তলৰ HTML ভাষাত লিখা ক'ডখিনি যিকোনো এটা Text সম্পাদনা কৰিব পৰা সজুলিত (যেনে- notepad, notepad++ , wordpad, gedit , kedit .. ইত্যাদি) প্ৰতিলিপি কৰি লওঁক। এতিয়া নথিখন () আপোনাৰ নামত সাঁচক। নথিখন সাঁচোতে নথিখনৰ extension যাতে .htm বা .html হে হয় সেইটো মন কৰিব, নহলে অকনমান পয়মাল হ`ব। যদি আপোনাৰ নাম 'ৰাম', তেতিয়া নথিখনৰ সম্পূৰ্ণ নামটো হ`ব  'ৰাম.html' বা 'ৰাম.htm'। এতিয়া আপুনি নথিখনত একেৰাহে দুবাৰ টিপি (যাক আমি ইংৰাজীত ডবোল ক্লিক বুলি কওঁ) দিয়ক । আপোনাৰ সাধাৰনতে ব্যৱহৃত ব্ৰাউজাত (যেনে-অ`পেৰা, মঝিলা ফায়াৰফক্স) নথিখন খোল খাব, HTML ক'ডখিনিয়ে সজোঁৱা একেবাৰে প্ৰাথমিক পৰ্যায়ৰ এখন অসমীয়া ছাবিফলি। এতিয়া আপোনাৰ HTMLৰ জ্ঞান ব্যৱহাৰ কৰি এখন সন্দুৰ অসমীয়া লিখিব পৰা ছাবিফলি সঁজাই পেলাওঁক আৰু ছাবিফলি