Skip to main content

Posts

Showing posts from July, 2012

মিত্ৰাক্ষৰ ছন্দৰ কবিতা

বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ। বৈ আছে অহৰহ     কুলুকুলু সুৰ।। হৰিনাম ৰসে        আলোকময় প্ৰকাশে। গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।। তোৰ লহৰত        সোন ফুলে পথাৰত। অসমীয়ে ৰচে        সপোন সুখৰ।। ক’ত কাহিনী        সমিল-মিলৰ। বিজড়িত তোৰ         বিশাল বুকুত।। সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি। অনন্ত কালৰ         সজল চকুত।।  *************** তোৰ লহৰত             অসমৰ চহৰত         নিনাদিত হয় ঐক্যতান। জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি         গায় সমন্বয়ৰ গান।। তোৰ পাৰতেই            কামাখ্যা মহাভৈৰবী         মহাতীৰ্থ অসমৰ। দুয়োপাৰে তোৰ         হৰিনামৰ ঝংকাৰ         কল্লোলিত পূণ্য জল।। ***************      ক’ত সভ্যতাৰ সংস্কৃতিৰ         গৌৰৱময় ইতিহাস। ক’ত বিৰহৰ হা-হুতাশাৰ          কালৰ কি পৰিহাস।। শান্ত সমাহিত অতীতৰ ব্ৰহ্মপুত্ৰ         প্ৰবল প্ৰতাপ তোৰ। অসমক আজি প্লাবিত কৰি তই         কিহৰ তুলিলি হোৰ।। অসমীয়া আজি ভয়ত তোৰ         থৰি-হৰি কম্প