Skip to main content

Posts

Showing posts with the label Poem

ভালনে আপোনাৰ?

এইযে আপুনি শোধে, ভালনে আপোনাৰ? তড়িৎ-গতিৰে আপোনাৰ পৰা আপোনাক পৰ কৰি আপোন কৰো আপোনাক। আপোনাৰ পৰা মোক, মোৰ পৰা আপোনজনক .... এইদৰেই বৈ থাকে জীৱনৰ নৈ। নিজানত কিৰিলিয়াই, আপোনাক বোকোচাত লৈ। তাৰিখঃ ২৫-০২-২০২৩ স্থানঃ ইম্ফল

মিত্ৰাক্ষৰ ছন্দৰ কবিতা

বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ। বৈ আছে অহৰহ     কুলুকুলু সুৰ।। হৰিনাম ৰসে        আলোকময় প্ৰকাশে। গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।। তোৰ লহৰত        সোন ফুলে পথাৰত। অসমীয়ে ৰচে        সপোন সুখৰ।। ক’ত কাহিনী        সমিল-মিলৰ। বিজড়িত তোৰ         বিশাল বুকুত।। সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি। অনন্ত কালৰ         সজল চকুত।।  *************** তোৰ লহৰত             অসমৰ চহৰত         নিনাদিত হয় ঐক্যতান। জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি         গায় সমন্বয়ৰ গান।। তোৰ পাৰতেই            কামাখ্যা মহাভৈৰবী         মহাতীৰ্থ অসমৰ। দুয়োপাৰে তোৰ         হৰিনামৰ ঝংকাৰ         কল্লোলিত পূণ্য জল।। ***************      ক’ত সভ্যতাৰ সংস্কৃতিৰ         গৌৰৱময় ইতিহাস। ক’ত বিৰহৰ হা-হুতাশাৰ          কালৰ কি পৰিহাস।। শান্ত সমাহিত অতীতৰ ব্ৰহ্মপুত্ৰ         প্ৰবল প্ৰতাপ তোৰ। অসমক আজি প্লাবিত কৰি তই         কিহৰ তুলিলি হোৰ।। অসমীয়া আজি ভয়ত তোৰ         থৰি-হৰি কম্প

এটা কবিতাৰ(!!) জন্মগাথা..

তেতিয়া বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভনি , ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণ, সন্ধ্যাবেলাৰ দৰে,  ২০০০ চনৰ জুন মাহৰ কথা। মে মাহৰ তৃতীয় সপ্তাহত প্ৰথম বাৰ্ষিক বিজ্ঞান শাখাৰ পৰীক্ষা দি উঠিছোঁ মাত্ৰ। পহিলা জুনৰ পৰা আৰম্ভ হৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ টিউছন। পৰীক্ষা বৰ বাৰু হোৱা নাই। স্কুলত প্ৰ্যাত্যাহিক শ্ৰেণী তেতিয়াও আৰম্ভ হোৱা নাছিল। উপন্যাস পঢ়ি ভালপোৱা মই-জনে মাজে-মাজে নিজেই কবিতাৰ নামত দি কিবা-কিবি লিখোঁ। পিছত গম পাইছিলোঁ সেইবোৰ কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ। ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা টিউছন শ্ৰেণীত ৰসায়নৰ ৰস উলিয়াই শ্ৰদ্ধাৰ ৰফিক ছাৰে। চাৰ্লচ, বয়ল, হাইজেনবাৰ্গ ... কত যে কিমান সুত্ৰ। শ্ৰেণীৰ মাজতে আমি (আমি মানে জ্যোতিৰ্ময়, চন্দন, হৰেকৃষ্ণ, উদয়, অঞ্জন,যুগল আৰু মই) কেইজনমানে বিচাৰি থাকোঁ ৰাম, হৰি, যদু, মধু, ৰহিমৰ সুত্ৰ কিয় নাই...বিৰক্তি লাগে চাৰ্লচ, বয়লৰ দৰে বিদেশীমখাৰ সুত্ৰ মুখস্থ কৰি। কিন্তু কি কৰিম, মুখস্থ নকৰি পায় নাই। পৰীক্ষা ভাল নোহোৱাৰ বাবে .. লাহে লাহে এটা ধাৰনাৰ জন্ম হৈছে মোৰ.. "কলা শাখাত নামভৰ্ত্তি কৰা হ’লেই ভাল আছিল .."।  আক

এগছি বন্তিৰ সন্ধানত

নৈঃশব্দৰ বুকুফালি গজি উঠা এটি সপোন বুকুত লৈ – এয়া গৈ আছো মই, এটা নতুন দিশত ... এগছি বন্তিৰ সন্ধানত। ক্ৰমশঃ চুটি হই অহা - মোৰ পথটোৰ পথিক কেবল মই আৰু শূণ্য বাস্তৱ। ইটো ষ্টপেজৰ পৰা ঢপলিয়াই গৈছো সিটোলৈ ... সিটোৰ পৰা আন এটালৈ ........ এক অবিৰত যাত্ৰা। শূণ্যৰ পৰা আৰম্ভ হোৱা জীৱনটোৱে মোৰ সলালে কেইবাবাৰো হুমুনিয়াহ কাঢ়িবলৈও শিকিলে গভীৰ বেদনাত সি কান্দে উচুপি উচুপি। সপোনটোৱে বুকুতে শিপাইছে দকৈ সুদুৰত এদছি বন্তিৰ ছকামকা আবেশ দুনয়ন তাতে থই এয়া শূণ্য বাস্তৱৰ সতে – --- এন্ধাৰ ফালি গই আছো মই। মোৰ পিছত বিগত যৌৱনা জীৱনৰ নৃশংস কংকাল। সুহৃদ পাঠক! আই আৰু পিতায়ে জ্বলোৱা মোৰ আশাৰ বন্তিগছিত আপোনালোকেও দিয়কছোন এটুপি তেল শলিতা হৈ মই নিজে আছো ৰৈ। আশাৰ বন্তিগছি জ্বলায়েই যাব লাগিব আৰু বহুদুৰ.... আৰু বহু ষ্টপেজ..... প্ৰতিটো ষ্টপেজ পাৰ হবলৈ ৰব লাগিব কমেও চাৰি, ছয়, দুই অথবা তিনি বছৰ আপোনালোকেও কৰকছোন অংকটো – চাৰি + ছয় + দুই + তিনি + ... + অসীমলৈ .... দকৈ শিপাৱো সপোনটো বুকুত লৈ এয়া গৈ আছো মই জীৱন মৰুত মৰুদ্যান বিছাৰি.....।   বিঃদ্ৰঃ যদিও কবিতা বুলিছোঁ, তথাপিও কওঁ আ