সংগণক যন্ত্ৰ়টোৱে আচলতে একো নাজানে। যন্ত্ৰটোক শিকাব লাগে কি কাম কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে ইত্যাদি প্ৰতিটো কথা। এবাৰ শিকাই দিয়াৰ পিচত সংগণক যন্ত্ৰ়ই মানুহতকৈ অধিক ক্ষিপ্ৰতাৰে আৰু মানুহতকৈ অধিক নিয়াৰিকৈ কাম সম্পন্ন কৰিব পাৰে। প্ৰথমতে আমি সংগণক যন্ত্ৰটোক যিটো কাম কৰিবলৈ শিকাম, সেই কামটোৰ প্ৰণালীবদ্ধ সমাধান ছল-সংকেত পদ্ধতিৰ সহায়ত লিখি লওঁ। অধিক জটিল সমস্যা সমাধানৰ বাবে আমি প্ৰায়ে পৰিচলন-চিত্ৰৰ সহায় লওঁ। পৰিচলন-তালিকা বা পৰিচলন-চিত্ৰ বা বোঁৱতী-তালিকা বা বোঁৱতী-চিত্ৰ ছল-সংকেত পদ্ধতিৰ চিত্ৰৰূপ। ছল-সংকেতবোৰ সংগণক যন্ত্ৰক বুজাবৰ বাবে কিছুমান কৃত্ৰিম ভাষাৰ সহায় লোৱা হয়। ক্ৰমাগত ছল-সংকেতবোৰ বৰ্ণনা কৰি সংগণক যন্ত্ৰ়ই (লগতে আমি মানুহেও) বুজিব পৰাকৈ সংগণক ভাষাত (সংগণক যন্ত্ৰ়ৰ ভাষা --> সংগণক ভাষা) লিখা উক্তিৰ সমষ্টিক সংগণক প্ৰ’গ্ৰেম (চুটিকৈ প্ৰ’গ্ৰেম) বোলে। আকৌ এটা বা তাতোকৈ অধিক স্বয়ংসম্পূৰ্ণ সংগণক প্ৰ’গ্ৰেমৰ সমষ্টিক ছফ্টওৱেৰ বুলি কওঁ। সংগণক যন্ত্ৰ়ই বুজিব পৰা এই কৃত্ৰিম ভাষাবোৰক সাধাৰণতে তিনিটা বৰ্গত ভাগ কৰিব পাৰি। ১) উচ্চ বৰ্গ। উদাহৰণ- জাভা, চি, পাৰ্ল, পাইথন ইত্য...