Skip to main content

অসমীয়া ভাষাৰ আটাইতকৈ বেছি ব্যৱহৃত আখৰ (Most Frequent Character of Assamese)

অসমীয়া ভাষাৰ আটাইতকৈ বেছি ব্যৱহৃত আখৰটো বিচাৰোতে মোৰ মনত দুটা প্ৰশ্নৰ উদয় হ'ল।
১) আমি স্বৰচিহ্নবোৰক আখৰ হিচাপে ধৰিমনে? (মন কৰিবলগীয়া - স্বৰবৰ্ণ / স্বৰচিহ্ন)
২) ভাষাৰ ব্যৱহাৰিক দিশ আৰু ভাষাৰ কাৰিকৰী উপস্থাপন (encoding) দুটা পৃথক বিষয়। আমি ব্যৱহাৰিক জীৱনত স্বৰচিহ্নসমুহক পৃথক বৰ্ণ হিচাপে নধৰোঁ (আচলতে একো হিচাপেই নধৰোঁ নেকি?)। তাৰমানে- ক, কি, কা, কী ইত্যাদি একোটা একোটা পৃথক বৰ্ণ।


"কাৰ কি খবৰ? কোন কেতিয়া আহিবা।"-বাক্যদুটাত বৰ্ণ সংখ্যা তলত দিয়া ধৰনৰ-
আ--১, কা--১, কি--১, কো--১, কে--১, খ--১, তি--১, ৰ--২, ব--১, বা--১, ন--১, য়া--১, হি--১, ?--১,।--১

বাক্যদুটাত 'ক' বৰ্ন নাই কিন্তু 'কা', 'কি', 'কো', 'কে' ইত্যাদি বৰ্ণ একোটাকৈ আছে নে 'ক' বৰ্ণ চাৰিটা আছে? আমি দৈনন্দিন এনেকৈয়ে শব্দ গননা কৰি আহিছোঁ হ'কনে!!! কোনটো শুদ্ধ?

মই ভাষাৰ উপস্থাপনৰ (encoding) দিশৰ পৰা চাওঁতে (অৰ্থাত স্বৰচিহ্নসমুহও পৃথক বৰ্ণ ) পোৱা আটাইতকৈ বেছি ব্যৱহৃত আখৰৰ তালিকাখন তলত দিয়া ধৰনৰ-
(প্ৰথম ১০টা স্থান প্ৰাপ্ত বৰ্ণ)
(Slno--Letter---Frequency)
1     া     1245687
2     ৰ     1141778
3     ি     824280
4     ্     653251 (যুক্তাক্ষৰ!!!)
5     ে     616693
6     ক     613848
7     ত     603635
8     ন     550146
9     ল     469373
10     ব     449293

সমীক্ষাৰ বাবে লোৱা আখৰৰ সংখ্যা - ১৩১,২৯,৭৮৩ টা ।

যদি ক,কি,কা, কী, কৃ আদি একো একোটা পৃথক বৰ্ণ বুলি ধৰোঁ তেতিয়া আখৰৰ অৱস্থানবোৰ সলনি হ'ব।

Comments

  1. বৰ ভাল কাম হৈছে এইটো|মোৰ মতে স্বৰবৰ্ণ/ স্বৰচিহ্ন বিলাকক বেলেগ আখৰ বুলি ধৰাই ভাল- কাৰণ তাৰ বাবেও এটা চাবিৰ প্ৰয়োজন হবই| ' ইউনিকড অসমীয়া লিখন আহিলা তৈয়াৰ কৰা সকলৰ বাবে এইটো বৰ প্ৰয়োজনীয় তথ্য| শুভেচ্ছা জনালোঁ|

    ReplyDelete

Post a Comment

Popular posts from this blog

Assamse Loan words : অসমীয়া ধাৰ কৰা শব্দ

Loanwords are words adopted by the speakers of one language ( target language ) from a different language (the source language ). A loanword can also be called a borrowing words . It is a consequence of sociocultural contact between two language communities. Borrowing of words can go in both directions between the two languages in contact, but often there is an asymmetry, such that more words go from one side to the other. In this case the source language community has some advantage of power, prestige and/or wealth that makes the objects and ideas it brings desirable and useful to the borrowing language community. The following are some example of Assamese loan words and source language. TRANSLATED LOAN WORD বাতৰি কাকত bat ɔri kakɔt (news paper) স্বৰ্ণ যুগ sɔbərnɔ zug (golden era) ৰূপালী জয়ন্তী rupali zɔjənti (silver jubilee) কন্দুৱা গেছ kɔndua ges (tear gas) দূৰদৰ্শন durdɔrχɔn (television) MARATHI WORDS তাঙৰণ taŋɔrɔn (edition) বৰঙণি bɔr...

অসমীয়া সমন্ধবাচক শব্দৰ তালিকা

আইচুদেউ আইতা আইদেউ আই আপাদেউ আমৈ এনাইদেউ ককাইদেউ ককা খুলশালী খুৰাদেউ খুৰীদেউ ঘৈণী জা জীয়ৰী জী জেঠাইদেউ জেঠা জেঠুদেউ জেঠু জেঠেৰী জে - শাহু জোঁৱাই তাৱৈ দদাইদেউ দাদা দেউতা দেওৰ ননদ নবৌ নাতিনী নাতি নিচাদেউ পিতাদেউ পিতৃ পুঠাদেউ পেহাদেউ পেহীদেউ পৈ পতি পত্নী বন্ধু বাইচাদেউ বাইদেউ বান্ধৱী বিয়নী বিয়ৈ বৈনাই বোপাই বোৱাৰী বৌদেউ ভগিনী ভগ্নী ভতিজা ভনী ভাই ভাই - পো ভাই - বোৱাৰী ভাই - শহুৰ ভাগিনী ভাগিন ভাগী মহাদেউ মহা মাতৃ মামা মামীদেউ মামী মাহীদেউ মাহীমা মা মিতিনী মোমাইদেউ শহুৰ শালপতি শাহু সখা সখীয়নী সখী সতিনী স্বামী

মিত্ৰাক্ষৰ ছন্দৰ কবিতা

বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ। বৈ আছে অহৰহ     কুলুকুলু সুৰ।। হৰিনাম ৰসে        আলোকময় প্ৰকাশে। গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।। তোৰ লহৰত        সোন ফুলে পথাৰত। অসমীয়ে ৰচে        সপোন সুখৰ।। ক’ত কাহিনী        সমিল-মিলৰ। বিজড়িত তোৰ         বিশাল বুকুত।। সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি। অনন্ত কালৰ         সজল চকুত।।  *************** তোৰ লহৰত             অসমৰ চহৰত         নিনাদিত হয় ঐক্যতান। জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি         গায় সমন্বয়ৰ...