বহুদিনৰ আগতে মিত্ৰাক্ষৰ ছন্দত কবিতা লিখিবলৈ চেষ্টা কৰিছিলোঁ।
ব্ৰহ্মপুত্ৰ
লাচিতৰ অসমত     পুত্ৰ শান্তনুৰ।
বৈ আছে অহৰহ     কুলুকুলু সুৰ।।
হৰিনাম ৰসে        আলোকময় প্ৰকাশে।
গহীন গম্ভীৰ        গতি চিৰপ্ৰবাহমান।।
তোৰ লহৰত        সোন ফুলে পথাৰত।
অসমীয়ে ৰচে        সপোন সুখৰ।।
ক’ত কাহিনী        সমিল-মিলৰ।
বিজড়িত তোৰ         বিশাল বুকুত।।
সৱ সোৱৰণি        প্ৰতিবিম্বিত আজি।
অনন্ত কালৰ         সজল চকুত।।
 ***************
তোৰ লহৰত             অসমৰ চহৰত
        নিনাদিত হয় ঐক্যতান।
জাতি উপজাতি            মিলনৰ পৃষ্ঠভূমি
        গায় সমন্বয়ৰ গান।।
তোৰ পাৰতেই            কামাখ্যা মহাভৈৰবী
        মহাতীৰ্থ অসমৰ।
দুয়োপাৰে তোৰ         হৰিনামৰ ঝংকাৰ
        কল্লোলিত পূণ্য জল।।
***************
ক’ত সভ্যতাৰ সংস্কৃতিৰ
        গৌৰৱময় ইতিহাস।
ক’ত বিৰহৰ হা-হুতাশাৰ 
        কালৰ কি পৰিহাস।।
শান্ত সমাহিত অতীতৰ ব্ৰহ্মপুত্ৰ
        প্ৰবল প্ৰতাপ তোৰ।
অসমক আজি প্লাবিত কৰি তই
        কিহৰ তুলিলি হোৰ।।
অসমীয়া আজি ভয়ত তোৰ
        থৰি-হৰি কম্পমান।
তোৰ প্ৰতাপত ডিব্ৰুগড় ছৈখোৱাত
        নিকৰুণ বেদনাৰ বান।।
তোৰ বুকুতেই মাজুলী শদিয়াই
        গণিছে মৰণ ক্ষণ।
তোৰ বুকুতেই ক’ত গাওঁ-ভূইয়ে
        ল’লে অন্তিম শয়ন।।
নেতাই ধুবুনী অৰ্ন্তধ্যান হ’ল
        বেদনাত লুকাই মুখ।
অসমৰ শিপিনী পলাশবাৰীক
        দেখিলেই লাগে দুখ।।
 ***************
১৯৫০ চনৰ পৰা     নাচ কিয় তই
        ৰণচণ্ডী মূৰ্ত্তী ধৰি।
কালে সাৰ পালে    মহাকালে সাৰ পালে
        উঠিল চিৎকাৰ কৰি।।
সিদিনাৰে পৰা         বলিয়া হ’লি কিয় তই
    তুলি সৰ্বগ্ৰাসী জোৱাৰ।
আগতে আছিলি তই    বৰ অসমৰ সুখ
    থল নোহোৱা হ’ল কোৱাৰ।।
দুই কুল ওপচাই        সৃষ্টি কৰ তই
    অলাই-অথানি বান।
নিনাদিত হয়         আজি তোৰ বুকুত
    সাম্প্ৰদায়িক বিভেদৰ গান।।
হায়! আজি কিয়     বুকুত তোৰ 
    তেজৰ তুমুৰলি।
নেদেখোঁ কিয়         দুই কুলত তোৰ
    শান্তিৰ হলি-গলি।।
    ***************
মহাবাহু ব্ৰহ্মপুত্ৰ শান্তনু নন্দন
এৰা এই ধংসলীলা কৰি সমৰ্পণ।
কাবৌ কাকুতি কৰিছোঁ হে মহাবাহু
নকৰিবা অসমক দিনহীন ভিকহু।।
Comments
Post a Comment