তেতিয়া বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভনি , ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণ, সন্ধ্যাবেলাৰ দৰে, ২০০০ চনৰ জুন মাহৰ কথা। মে মাহৰ তৃতীয় সপ্তাহত প্ৰথম বাৰ্ষিক বিজ্ঞান শাখাৰ পৰীক্ষা দি উঠিছোঁ মাত্ৰ। পহিলা জুনৰ পৰা আৰম্ভ হৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ টিউছন। পৰীক্ষা বৰ বাৰু হোৱা নাই। স্কুলত প্ৰ্যাত্যাহিক শ্ৰেণী তেতিয়াও আৰম্ভ হোৱা নাছিল। উপন্যাস পঢ়ি ভালপোৱা মই-জনে মাজে-মাজে নিজেই কবিতাৰ নামত দি কিবা-কিবি লিখোঁ। পিছত গম পাইছিলোঁ সেইবোৰ কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ। ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা টিউছন শ্ৰেণীত ৰসায়নৰ ৰস উলিয়াই শ্ৰদ্ধাৰ ৰফিক ছাৰে। চাৰ্লচ, বয়ল, হাইজেনবাৰ্গ ... কত যে কিমান সুত্ৰ। শ্ৰেণীৰ মাজতে আমি (আমি মানে জ্যোতিৰ্ময়, চন্দন, হৰেকৃষ্ণ, উদয়, অঞ্জন,যুগল আৰু মই) কেইজনমানে বিচাৰি থাকোঁ ৰাম, হৰি, যদু, মধু, ৰহিমৰ সুত্ৰ কিয় নাই...বিৰক্তি লাগে চাৰ্লচ, বয়লৰ দৰে বিদেশীমখাৰ সুত্ৰ মুখস্থ কৰি। কিন্তু কি কৰিম, মুখস্থ নকৰি পায় নাই। পৰীক্ষা ভাল নোহোৱাৰ বাবে .. লাহে লাহে এটা ধাৰনাৰ জন্ম হৈছে মোৰ.. "কলা শাখাত নামভৰ্ত্তি কৰা হ’লেই ভাল আছিল .."। আক...